Tuesday, 3 November 2020

প্ৰেম মোৰ কৃষ্ণচূড়া

অপৰাধী মোৰ প্ৰেমৰ
তুমি ছলনাময়ী, 
নোমাব যিদিনা প্ৰেমৰ শলিতা ! 
তোমাৰ কপালৰ জোন হেৰাব। 
জোনাক হব মোৰ প্ৰেমৰ চোতালত, 
তোমাৰ চকুলোৰ ধাৰত বব স্মৃতিৰ মহঙা দিন।
সিদিনা ফুলি ৰব শৰতৰ শেৱালী! 
হাঁহি ৰব প্ৰেম মোৰ কৃষ্ণচূড়া।