Monday, 12 April 2021

আধৰুৱা প্ৰেমৰ মালিতা

এপিয়লা কফিৰ আমেজত নিদ্ৰাহৰণ কৰা এপলক আমেজ
মোৰ প্ৰেম!
সোণাৰুৰ তল সৰা, 
বৰদৈচিলা হৈ উৰা মৰা, এসাগৰ নীলা সাৱটি ৰোৱা, 
মোৰ প্ৰেম! 
আভৰণৰ আৱেশত আমেজ লৈ বহি ৰোৱা 
ছাঁয়ামূৰ্ত্তি, 
মোৰ প্ৰেম! 

আহক ধৰালৈ সেউজীয়াৰ ধল
নামক বসন্ত, 
সেউজী কৰি তোলক হৃদয় দলিচা
তোমাৰ কপালত জ্বলি উঠক ৰঙা সুৰুযমূখী মোৰ প্ৰেম! 



১৩০৪২১,
০৯১০পূ


No comments:

Post a Comment